(পুৰণি লেখা । ২০২১ চনত 'আমাৰ অসম'ত প্ৰকাশিত।)
অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ পিছত বহুতেই অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে ৷ শ্ৰদ্ধেয় ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীদেৱেও অসমীয়া ভাষাটো এক মৌখিক ভাষাৰূপেহে থাকি যাবগৈ বুলি আশংকা প্ৰকাশ কৰিছে ৷ অসমীয়া ভাষাৰ বিষয়ে এনে প্ৰশ্ন প্ৰায়ে উত্থাপন হৈ আহিছে ৷ এই প্ৰশ্ন অমূলক বুলিও ক'ব নোৱাৰি ৷ বিশেষকৈ যোৱা দুই তিনিটা দশকত অসমৰ শিক্ষিতসমাজৰ বহুতেই নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছে যাৰ ফলত তেনে ছাত্ৰ ছাত্ৰীয়ে মানসম্পন্ন শিক্ষা লাভ কৰি প্ৰতিষ্ঠিত হৈছে ৷ তেনেধৰণে শিক্ষিত এক বুজন সংখ্যক অসমীয়াই এতিয়া অসমীয়া ভাষাত কথা পাতিব পাৰে যদিও লিখিব অথবা পঢ়িব অথবা দুয়োটাই নোৱাৰে ৷ ফলত অসমীয়া ভাষাৰ প্ৰশ্নকাকত নালাগে বুলি অসমীয়া ছাত্ৰই ক'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰতিযোগিতাৰ যুগৰ দাবী আৰু চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ অৱক্ষয়ে এনে পৰিস্থিতিৰ সৃষ্টিত অৰিহণা যোগাইছে ৷ তেনেহ'লে অসমীয়া ভাষাক লৈ আৱেগ প্ৰদৰ্শন কৰাৰ যুক্তি ক'ত? শিক্ষিতসমাজৰ মাজতেই অসমীয়া ভাষাটো এলাগী হৈছে নেকি? অসমীয়া ভাষাটো প্ৰাসংগিক কৰি ৰখাৰ উপায় কি?
মোৰ ভাষাবিজ্ঞান বা অসমীয়া সাহিত্যৰ কোনো ডিগ্ৰী নাই বা মই বিশেষজ্ঞও নহয় ৷ কিন্তু অসমীয়া মোৰ মাতৃভাষা ৷ অসমীয়া এটি অতি শুৱলা, সৰস ভাষা বুলি মনে প্ৰাণে বিশ্বাস কৰোঁ ৷ অসমীয়া ভাষাত কথা পাতি, পঢ়ি ভাল পোৱা এজন সাধাৰণ মানুহ হিচাপে কিছু কথা ব্যক্ত কৰিছোঁ ৷
অসমীয়া ভাষাটোক লৈ আৱেগ অমূলক নেকি?
অসমীয়াভাষী সকলৰ বাবে অসমীয়া ভাষাটো বুকুৰ কুটুম ৷ ই এতিয়াও অসমবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে ৷ আমাৰ সাংস্কৃতিক পৰিচয়ৰ ই অন্যতম প্ৰধান অংগ ৷ আমি মনত ৰখা উচিত, ধৰ্মীয় ঐক্যতকৈ ভাষিক ঐক্য অধিক শক্তিশালী ৷ বাংলাদেশৰ মুক্তিযুদ্ধ ইয়াৰ অন্যতম উদাহৰণ ৷ যিকোনো ভাষিক, সাংস্কৃতিক বা ৰাজনৈতিক আগ্ৰাসনৰ সম্মুখীন হ'লে ভাষাটোৱেই হ'ল প্ৰথম ঢাল ৷ গতিকে ভাষাটোক লৈ অসমীয়াৰ আৱেগ থাকিবই ৷ পৃথিৱীৰ যিকোনো ভাষিক গোষ্ঠীৰ ক্ষেত্ৰতে ই প্ৰযোজ্য ৷ ভাষাৰ এই আৱেগৰ বাবেই ইহুদীসকলে কালৰ গৰ্ভত প্ৰায় হেৰাই যোৱা হিব্ৰুভাষাক পুনৰুজ্জীৱিত কৰি তাক প্ৰতিষ্ঠিত কৰি তুলিলে ৷ হয়তো সেইবাবেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে তাহানিতে কৈছিল-"স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মঙ্গল মন্দিৰৰ সিংহদ্বাৰ হৈছে মাতৃভাষা” ৷
অসমীয়া ভাষাটো এলাগী হৈ পৰিছে নেকি?
আমাৰ শিক্ষাবিভাগৰ দীৰ্ঘদিনীয়া অমনোযোগিতাৰ ফলতেই আজি চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ (ব্যতিক্ৰম বাদ দি) সামগ্ৰিক শৈক্ষিক পৰিৱেশ বহুপৰিমাণে নিম্নগামী হৈছে ৷ তদুপৰি বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰাকৈ ইংৰাজী ভাষাৰ শিক্ষা প্ৰদানত এই বিদ্যালয়সমূহ শোচনীয়ভাৱে ব্যৰ্থ হৈছে ৷ ফলত যোৱা দুই তিনিটা দশকত অভিভাৱকসকলে সন্তানক কেন্দ্ৰীয় বিদ্যালয়, উন্নতমানৰ ব্যক্তিখণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ ইয়াত তেওঁলোকক দোষাৰোপ কৰিব নোৱাৰি ৷ সকলোৱে নিজৰ সন্তানক উন্নত শিক্ষা প্ৰদান কৰি সমাজত সুপ্ৰতিষ্ঠিত কৰাটো বিচাৰে ৷ বিশেষকৈ চহৰ অঞ্চলত অসমীয়া মাধ্যমৰ বহু পুৰণি নামকৰা চৰকাৰী বিদ্যালয় এতিয়া অভিভাৱকৰ প্ৰথম পছন্দ নহয় ৷ ইয়াৰ পৰিণতিত অসমত এক শিক্ষিত মেধাৱী প্ৰজন্মৰ সৃষ্টি হৈছে যিয়ে অসমীয়া ক'ব পাৰিলেও লিখিব বা পঢ়িব বা দুয়োটাই নোৱাৰে ৷ অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে ৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িও অসমীয়া সাহিত্যক ঐচ্ছিক বিষয় হিচাপে লৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দক্ষ বিষয়াও এইখন অসমত আছে ৷ ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিলেও নিজে যত্নেৰে অসমীয়া শিকি সাহিত্যচৰ্চা কৰা অধ্যয়নপুষ্ট ব্যক্তিও অসমত বহুত আছে ৷ কিন্তু ইয়াৰ লগতে ওপৰত উল্লেখ কৰা ধৰণৰ অসমীয়া লিখিব পঢ়িব নজনা শিক্ষিত লোকো বহুত আছে ৷ গতিকে এক বুজন সংখ্যক অসমীয়াৰ মাজত অসমীয়া ভাষাৰ চৰ্চা কমি গৈছে ৷ কেৱল কথোপকথনৰ মাধ্যম হিচাপেহে অসমীয়াৰ অস্তিত্ব এইসকলৰ মাজত ৰৈছেগৈ ৷
অসমীয়া ভাষাটোৰ উচ্চাৰণ বিধি তথা বানান সম্পৰ্কীয় কিছু বিবাদ সুধী সমাজত চলি আছে আৰু ভাষাবিদসকলে এনে বিবাদৰ নিশ্চয় সমিধান দিব পাৰিব ৷ কিন্তু ব্যাকৰণক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি নিজৰ ইচ্ছামতে এচামে অসমীয়া ভাষাক বিকৃতৰূপত প্ৰকাশ কৰি আহিছে ৷ বৈদ্যুতিন মাধ্যমৰ কিছু সাংবাদিক/উপস্থাপক ইয়াৰ বাবে ঘাইকৈ জগৰীয়া ৷ উদাহৰণস্বৰূপে প্ৰায়কেইটা অসমীয়া বাতৰিৰ চেনেলত 'অধ্যক্ষ', 'প্ৰত্যক্ষ' এই শব্দ দুটাৰ উচ্চাৰণ বছৰ বছৰ ধৰি ভুলকৈ কৰি আহিছে ৷ এনে উদাহৰণ অলেখ আছে ৷ শ্ৰাব্য-দৃশ্য মাধ্যমৰ প্ৰভাৱ মানুহৰ ওপৰত সহজে পৰে ৷ গতিকে এনে বিকৃত উচ্চাৰণ, ভুল বানানৰ ব্যৱহাৰে ভাষাটোৰ যথেষ্ট ক্ষতি কৰিছে ৷ ভুলটো আঙুলিয়াই দিলে আকৌ অসমীয়া বানান জটিল বুলি বহুতে আগ্ৰহেই হেৰুৱাই পেলায় ৷
ইণ্টাৰনেটৰ যুগত কিতাপ পঢ়াৰ প্ৰৱণতা গোটেই পৃথিৱীতে হ্ৰাস পাইছে ৷ অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো একেই কথা ৷ তাতে অসমীয়া মানুহৰ কিতাপ কিনি নপঢ়া বুলি বদনামটো আছেই ৷ বিদ্যালয় পৰ্যায়ত পুথিভঁৰাল ব্যৱস্থাটো অসমত আগৰেপৰাই তথৈবচ ৷ ফলত কিতাপ পঢ়া অভ্যাস দ্ৰুতভাৱে হ্ৰাস পাইছে ৷ ইয়াৰ পৰিণতিত ভাষাটোৰ চৰ্চাও হ্ৰাস পাইছে ৷
শৈক্ষিক বিষয়সমূহৰ উন্নতমানৰ কিতাপ তথা গৱেষণাপত্ৰ অসমীয়া ভাষাত নিচেই তাকৰ ৷ গতিকে বিদ্যায়তনিক ক্ষেত্ৰতো ভাষাটোৰ প্ৰাসংগিকতা হ্ৰাস পাইছে ৷
এনেদৰে চৰ্চাৰ অভাৱত ভাষাটো কিছুপৰিমাণে এলাগী হোৱা বুলি ক'ব পাৰি ৷
অসমীয়া ভাষাটো প্ৰাসংগিক কৰি ৰখাৰ উপায় কি?
মাতৃভাষা শিকাৰ প্ৰতি আন্তৰিকতাঃ
কেৰিয়াৰৰ প্ৰয়োজনত বা উন্নতমানৰ শিক্ষাৰ বাবে সন্তানক ইংৰাজী মাধ্যমত পঢ়ুুুৱালেও মাতৃভাষাটো অভিভাৱকে ঘৰতে শিকাব পাৰে ৷ শিশুকালতে বৰ্ণমালা শিকাই লাহে লাহে সাধুকথাৰ কিতাপ আদি পঢ়িবলৈ দিলে অতি সোনকালেই ভাষাটো আয়ত্ব কৰিব পাৰিব ৷ মাকৰ মুখত শুনি সলসলীয়াকৈ অসমীয়া ক'ব পৰা শিশুক এইখিনি শিকোৱাটো এজন অসমীয়া হিচাপে দায়িত্ব বুলি ভাবোঁঁ ৷ বেজবৰুৱাদেৱৰ 'বুঢ়ী আইৰ সাধু' শিশুক পঢ়িবলৈ দিয়ক ৷ ই শিশুৰ মনক দিব পৰা অন্যতম শ্ৰেষ্ঠ খোৰাৰ ৷
ধৰি লোৱা হ'ল, সৰুকালত মাতৃভাষাটো লিখিব পঢ়িব শিকা নহ'ল ৷ তেনেক্ষেত্ৰত প্ৰাপ্তবয়স্ক হৈও নিজ প্ৰচেষ্টাত অসমীয়া ভাষাটোৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব পাৰি ৷ বিদেশত উচ্চশিক্ষা তথা কেৰিয়াৰৰ স্বাৰ্থত বহু মেধাৱী ভাৰতীয় ছাত্ৰই ডেকাকালত ফৰাচী, জাৰ্মান, ৰাছিয়ান, ইটালিয়ান ভাষা শিকিবলগীয়া হয় ৷ তেনে স্থলত অলপ যত্ন কৰি নিজৰ মাতৃভাষাটো শিকিব নোৱাৰি নে? উচ্চশিক্ষাৰে শিক্ষিত হৈ যদি অসমীয়া ভাষাৰ এখন বাতৰি কাকত পঢ়িবও নোৱাৰে তেন্তে তেনে লোকৰ শিক্ষাৰ কি মূল্য আছে?
জনপ্ৰিয় সাহিত্যঃ
জনপ্ৰিয় সাহিত্যই আগ্ৰহী পাঠক সৃষ্টি কৰিব পাৰে ৷ 'হেৰী প'টাৰ'ৰ জনপ্ৰিয়তাই অলেখ কিশোৰক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহান্বিত কৰিছিল ৷ মৃণাল কলিতাদেৱৰ 'বকুল ফুলৰ দৰে' এখন বহুল পঠিত উপন্যাস ৷ ইতিমধ্যে উপন্যাসখনৰ একাদশ সংস্কৰণ প্ৰকাশ পাইছে-চেতন ভগত, দুৰ্জয় দত্ত, অমিশ ত্ৰিপাঠী আদিৰ দৰে কিতাপৰ প্ৰচাৰ নকৰাকৈয়ে ৷ ইয়ে প্ৰমাণ কৰে যে ভাল অসমীয়া কিতাপৰ পঢ়ুৱৈৰ অভাৱ নাই ৷ জনপ্ৰিয় সাহিত্যই অসমীয়া ভাষাৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীদেৱৰ 'অনুৰাধাৰ দেশ'ৰ নাম নুশুনা সাহিত্যপ্ৰেমী অসমত নাই বুলিব পাৰি ৷ আন এক উদাহৰণ 'অসীমত যাৰ হেৰাল সীমা' ৷ প্ৰজন্মৰ পিছত প্ৰজন্মই এনে কিতাপ পঢ়ি আপ্লুত হৈ আহিছে ৷ অসমীয়া সাহিত্যত কালজয়ী সাহিত্যৰ অভাৱ নাই ৷ অভাৱ আছে মাথোঁ চৰ্চাৰ ৷ নতুন সাহিত্য সৃষ্টি হওক ৷ মনৰ খোৰাক যোগাব পাৰিলে পাঠকে আদৰি ল'ব ৷ সাহিত্য আৰু ভাষা দুটাই সমৃদ্ধ হ'ব ৷
আনুষ্ঠানিক পৃষ্ঠপোষকতা
যিকোনো ভাষাৰ উন্নতিত চৰকাৰৰ যথেষ্ট ভূমিকা থাকে ৷ অসম চৰকাৰে চৰকাৰী কাৰ্যত অসমীয়া ভাষাৰ প্ৰয়োগ বৃদ্ধি কৰিব লাগিব ৷ চাকৰিৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাতকৈ জিলাভিত্তিক অসমীয়া ভাষাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব পাৰে ৷ এনে কেন্দ্ৰত অসমীয়া নজনা চাকৰি প্ৰত্যাশীসকলক অসমীয়া ভাষাৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিব পাৰি ৷ এনে পদক্ষেপে অসমীয়া ভাষাৰ স্নাতক তথা স্নাতকোত্তৰ সকলৰ বাবে এক জীৱিকাৰ পথ প্ৰশস্ত কৰিব পাৰিব ৷ তদুপৰি অসমীয়া ভাষা/সাহিত্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা কৰিব পাৰি ৷ মৌলিক গৱেষকসকলকো আৰ্থিক সকাহ দিয়াৰ কথা চৰকাৰে বিবেচনা কৰিব পাৰে ৷ এনে ব্যৱস্থা ইতিমধ্যে আছে যদি মই জ্ঞাত নহয় ৷
যোৱা কেইবাদশকৰ পৰা অসম সাহিত্য সভাৰ ভূমিকাও আশাব্যঞ্জক নহয় ৷ বিতৰ্কৰ পিছত বিতৰ্কই জনমানসত অনুষ্ঠানটোৰ ভাবমূৰ্তি যথেষ্ট ম্লান কৰিছে ৷ অসমীয়া ভাষাৰ প্ৰচাৰ তথা প্ৰসাৰত শতবৰ্ষ গৰকা অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ৷ শেহতীয়াকৈ সভাই যুৱমানসত নিজকে প্ৰাসংগিক কৰি তোলাৰ প্ৰয়াস কৰিছে ৷ গতিকে আমি আশাবাদী ৷
তাহানিৰ চৰ্যাপদৰ যুগৰ পৰা বিভিন্ন যুগৰ কবি-সাহিত্যিক সকলে নিজৰ সৃষ্টিৰে সমৃদ্ধ কৰা হেজাৰ বছৰৰো অধিক পুৰণি ভাষা অসমীয়া ৷ কোনো ঝঞ্ঝাই অসমীয়া ভাষাক টলাব পৰা নাই ৷ এই ভাষা আৰু সমৃদ্ধ হওক, অনন্ত কাললৈ সৌৰভ বিয়পাই থাকক ৷